প্ৰেছ বিবৃতি
তাৰিখ: ১৬/০৩/২০২৫
‘সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সন্থা’-২০১৭ নেতৃত্বত ৰাজ্যৰ পলিটেকনিক প্ৰতিষ্ঠানৰ প্ৰবক্তা সকলৰ চাকৰি নিয়মীয়াকৰণৰ ন্যায্য দাবীত চচলত চলি থকা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই এ আই ডি এছ অ ৰ অসম ৰাজ্যিক কমিটিয়ে এক বিবৃতি যোগে কয় যে, ৰাজ্যত কাৰিকৰী শিক্ষাৰ বিকাশৰ উদ্দেশ্যে পলিটেকনিক প্ৰতিষ্ঠান স্থাপন কৰিও ইয়াৰ শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ নকৰা, বিপৰীতে ন্যায়সঙ্গত দাবী উত্থাপনৰ বাবে তেওঁলোকক চাকৰিৰ পৰা অপসাৰণ কৰাটো চূড়ান্ত অগণতান্ত্ৰিক, স্বৈৰাচাৰী আৰু অমানৱিক কাৰ্য’ই মাথোন নহয়, প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ পথত ভয়ঙ্কৰ ক্ষতিকাৰক এক শিক্ষা বিৰোধী পদক্ষেপ। প্ৰতিষ্ঠান সমূহৰ এ আই চি টি ই’ৰ স্বীকৃতিৰ বাবে নিয়মীয়া শিক্ষক হিচাপে দেখুৱাব লগা হোৱা এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব।
সেয়েহে, ন্যায়সঙ্গত দাবী উত্থাপনৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সন্মান জনাই পলিটেকনিক প্ৰবক্তা সকলক অপসাৰণৰ ঘোষণা অবিলম্বে উঠাই লৈ অগ্ৰাধিকাৰৰ ভিত্তিত এওঁলোকৰ চাকৰি নিয়মীয়া কৰি মানৱ সম্পদ সৃষ্টিত দীৰ্ঘদিন ধৰি অৱদান আগবঢ়োৱা প্ৰবক্তাসকলক ন্যায় প্ৰদানৰ লগতে প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষালাভৰ প্ৰক্ৰিয়া অক্ষুণ্ণ ৰখাৰ বাবে আমি চৰকাৰৰ ওচৰত দৃঢ় দাবী জনাওঁ।
আজি এ আই ডি এছ অ ৰ এটি প্ৰতিনিধি দলে আন্দোলনকাৰী সকলক সাক্ষাৎ কৰি ন্যায্য দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনায় । তদুপৰি ২৮ দিন পাৰ হৈ যোৱাৰ পাছতো আন্দোলনৰত প্ৰবক্তা সকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শিত কৰি চৰকাৰে ভুক্তভোগী শিক্ষকসকলক ন্যায় প্ৰদান নকৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হ’বলৈ ৰাজ্যৰ ছাত্ৰ, শিক্ষক, অভিভাৱকসকলৰ লগতে শিক্ষাবিদসকলক আগবাঢ়ি আহিবলৈ আন্তৰিক আবেদন জনায়।